পলকতে থান-বান হ'ল সপোন! হ'ব লগা পত্নীক লগ কৰিব আহি কেতিয়াও ঘূৰি নহাৰ বাটেৰে গুছি গ'ল স্বৰূপ

Bokakhat Accident

হ'ব লগা পত্নী লগ কৰিবলৈ আহি আৰু লগ কৰা নহ'ল দেৰগাঁও জেলেহুৱা গাঁৱৰ স্বৰূপ ৰঞ্জন বৰাৰ ৷ দেৰগাঁও জেলেহুৱা গাঁৱত ঘৰ ৩২ বছৰীয়া স্বৰূপ ৰঞ্জন বৰাৰ ৷ হ'ব লগা পত্নীৰ ঘৰো একে গাঁৱৰে ৷ কাজিৰঙাৰ বন বিভাগত কৰ্মৰত হ'ব লগা পত্নীৰ সৈতে দুয়োৰে প্ৰেম বহু বছৰীয়া ৷ ভাৰতীয় জীৱন বীমা নিগমত কৰ্মৰত স্বৰূপ ৰঞ্জন বৰাই বৃহস্পতিবাৰে বোকাখাতৰ কাজিৰঙাৰ সঞ্চালকৰ কাৰ্যালয়ত কৰ্মৰত হ'ব লগা পত্নীক লগ কৰিবলৈ দেৰগাঁৱৰ পৰা বোকাখাতলৈ AS 03 T 4633 নম্বৰৰ K10 গাড়ীখনত আহি থকা অৱস্থাত কমাৰগাঁও বচাপথাৰত চাৰিলেণ্ডযুক্ত পথৰ ডিভাইদাৰত খুন্দা মাৰি K10 গাড়ীখন উফৰি পৰে ৷ যাৰ ফলত থিতাতে নিহত হয় চালকৰ আসনত থকা দেৰগাঁও জেলেহুৱা গাঁৱৰ স্বৰূপ ৰঞ্জন বৰাৰ (৩২) ৷ ততাতৈয়াকৈ স্বৰূপ ৰঞ্জন বৰাক বোকাখাত চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ খবৰ পোৱাৰ লগে লগে হ'ব লগা পত্নী বোকাখাত চিকিৎসালয়লৈ আহি মৃত স্বৰূপক বহু সময় সাৱতি থাকে ৷  স্বামীৰ মৃত্যুৰ পিছত একমাত্ৰ সন্তানক হেৰুৱাই হিয়াঢাকুৰি কান্দিলে স্বৰূপৰ মাতৃৰ লগতে আত্মীয়ই ৷ পৰৱৰ্তী সময়ত মৃত স্বৰূপৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ৷

Category
Profile picture for user UB Photos