বেয়া খবৰ! কাশ্মীৰৰ কুপৱাৰাত খাদত বাগৰিল সেনাৰ তহলদাৰী বাহন,থিতাতে নিহত ৩ জন সৈনিক

Army

নিয়মীয়া তহলৰ সময়তে  এটা দখাৱৈত বাগৰি পৰিল ভাৰতীয় সেনাৰ এখন বাহন। ফলত  তিনিজন সৈনিক নিহত হয়।  ঘটনাটো জম্মু আৰু কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচিল চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সংঘটিত হৈছে।

 

সেনাৰ সূত্ৰই জনোৱা অনুসৰি বুধবাৰে পুৱা চিনাৰ কৰ্পৰ এজন কনিষ্ঠ কমিছনড বিষয়া (জেচিঅ') আৰু আন দুজন জোৱানে মাচিল চেক্টৰৰ ফৰৱাৰ্ড এলেকাত তহল দি আছিল। তেতিয়াই দুৰ্ঘটনাটো ঘটে। জোৱানসকলৰ বাহনখন পিছলি গৈ এটা গভীৰ খাৱৈত পৰে। ঘটনাস্থলীতে তিনিজন সৈনিক নিহত হয়।সেনাৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তিনিটা মৃতদেহ উদ্ধাৰ কৰিব পৰা গৈছে। 

 

দুৰ্ঘটনাটো  কেনেকৈ ঘটিল সেই বিষয়ত তদন্ত আৰম্ভ কৰা হৈছে। যোৱা দুমাহৰ ভিতৰত এইটো দ্বিতীয় ঘটনা। কুপৱাৰাত এতিয়া তুষাৰপাত আৰম্ভ হৈছে। গাড়ীখন বৰফত পিছলি গৈছিল নে আন কোনো কাৰণত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই বিষয়ত  অনুসন্ধান কৰা হ'ব। 

Category
Profile picture for user UB Photos