BTC

UPPL কৰ্মী বেঞ্জামিন বসুমতাৰীৰ আজৱ কাণ্ড। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বেঞ্জামিনৰ এই কাণ্ড। ইতিমধ্যেই টকাৰ ওপৰত শুই থকাৰ দৃশ্য ভাইৰেল হৈ পৰিছে। ওদালগুৰি ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ হৈছে বেঞ্জামিন।

এফালে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শূণ্য সহনশীলতা নীতি, তাৰ মাজত শাসনাধিষ্ঠ দলৰ নেতাই শুইছে টকাৰ বিছনাত। খমখমীয়া ৫০০ টকাৰ নোটৰ ওপৰত শুই আনন্দত যেন মতলীয়া হৈ পৰিছে ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে। কেৱল শুই থকাই নহয় টকাৰ লোভ বলিয়ান বেঞ্জামিন বসুমতাৰীয়ে গাত লগাই লৈছে ৫০০ টকীয়া নোট।