অন্ত পৰিল জল্পনা-কল্পনাৰ! অৱশেষত ঘোষণা হ’ল BTC নিৰ্বাচনৰ দিন।

BTC ELECTION

অন্ত পৰিল জল্পনা-কল্পনাৰ।

অৱশেষত ঘোষণা হ’ল BTC নিৰ্বাচনৰ দিন।

মঙলবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে BTC নিৰ্বাচনৰ দিন।

২২ ছেপ্টম্বৰত অনুষ্ঠিত হ’ব BTC নিৰ্বাচনৰ ভোট গ্ৰহণ।

২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব BTC নিৰ্বাচনৰ ভোটগণনা।

২২ ছেপ্টেম্বৰৰ পুৱা ৭বাজি ৩০ মিটিনৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ।

BTC নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২ ছেপ্টেম্বৰ।

মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন ৪ ছেপ্টেম্বৰ।

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ৬ ছেপ্টেম্বৰ।

৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব BTC নিৰ্বাচন।

এইবাৰ BTC নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ২৬ লাখ ৫৭ হাজাৰ ৯৩৭ গৰাকী।

Category