আজিৰে পৰা তামুলপুৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ অধিৱেশন

Bodo Sahitya Sabha

আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে ৬১সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন ৷

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৪ মে’ৰ মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকিব ৷

ৰাষ্ট্ৰপতিৰ আগমনক লৈ অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ ইতিমধ্যে বৃহৎ বৃহৎ মঞ্চ, ৰভা নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে বড়ো জাতীয় জীৱনৰ কৃষ্টি-সংস্কৃতি দাঙি ধৰিবলৈ বিভিন্ন মঞ্চ প্ৰস্তুত কৰি তুলিছে ৷ বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনা অনুষ্ঠিত হ’ব লগা মুকলি অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি মেঘালয়, ছিকিম, অসমৰ মুখ্যমন্ত্ৰীসহ বাংলাদেশ আৰু নেপালৰ প্ৰতিনিধি উপস্থিত থাকিব। 

সেইদৰে নিৰাপত্তাৰ দিশটোও কটকটীয়া কৰা পৰিলক্ষিত হৈছে ৷

বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বড়ো সাহিত্য সভাৰ এই অধিৱেশনে এক মাইলৰ খুটিত পৰিণত হোৱাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমিলৈ পৰ্যবসিত হ’ব বুলি অভ্যৰ্থনা সমিতি আৰু বড়ো সাহিত্য সভাই মত প্ৰকাশ কৰিছে ৷ 

Category
Profile picture for user UB Photos