টকাৰে লুটুৰী-পুটুৰী অসমৰ এজন নেতা! টকাৰ ওপৰত শুই থকা কোন নেতা এইগৰাকী?.....

money

UPPL কৰ্মী বেঞ্জামিন বসুমতাৰীৰ আজৱ কাণ্ড। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বেঞ্জামিনৰ এই কাণ্ড। ইতিমধ্যেই টকাৰ ওপৰত শুই থকাৰ দৃশ্য ভাইৰেল হৈ পৰিছে। ওদালগুৰি ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ হৈছে বেঞ্জামিন।

এফালে দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শূণ্য সহনশীলতা নীতি, তাৰ মাজত শাসনাধিষ্ঠ দলৰ নেতাই শুইছে টকাৰ বিছনাত। খমখমীয়া ৫০০ টকাৰ নোটৰ ওপৰত শুই আনন্দত যেন মতলীয়া হৈ পৰিছে ভৈৰাগুৰিৰ VCDCৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰীয়ে। কেৱল শুই থকাই নহয় টকাৰ লোভ বলিয়ান বেঞ্জামিন বসুমতাৰীয়ে গাত লগাই লৈছে ৫০০ টকীয়া নোট।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৫০০ টকীয়া নোটৰ গাদী পাৰি শোৱাৰ দৃশ্য। UPPL কৰ্মীৰ কাণ্ড দেখি হতচকিত হৈ পৰিছে প্ৰতিজন। বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে আছে একাধিক অভিযোগ। 

PMAY, MGNREGA আঁচনিৰ নামত ধন লোৱাৰ অভিযোগ আছে বেঞ্জামিন বসুমতাৰীৰ বিৰুদ্ধে। এতিয়া দুৰ্নীতি নকৰো বুলি BTCৰ শাসনৰ গাদীত বহা UPPL দলৰ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া হ’ব লক্ষ্যণীয়।

Category
Profile picture for user UB Photos