বিটিচি নিৰ্বাচনৰ বাবে ওদালগুৰি জিলাত ‘ড্ৰাই ডে’ ঘোষণা

udalguri

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ওদালগুৰি জিলাত ‘ড্ৰাই ডে’ ঘোষণা।।
অসম আবকাৰী বিধি, ২০১৬ৰ নিয়ম ৩২৬(ক) আৰু জনপ্ৰতিনিধিত্ব আইনৰ ১৩৫(গ) ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰী কৰি ওদালগুৰি জিলা প্ৰশাসনৰ মুৰব্বী জিলা দণ্ডাধীশ পুলক পাটগিৰিয়ে ‘ড্ৰাই ডে’ ঘোষণা কৰিছে।ওদালগুৰি জিলাত।

২০ ছেপ্টেম্বৰৰ আবেলি ৪.০০ বজাৰ পৰা ২২ ছেপ্টেম্বৰৰ আবেলি ৪.০০ বজালৈকে আৰু ভোট ।প্ৰয়োজন সাপেক্ষে ২৪ ছেপ্টেম্বৰৰ দিনাখন আৰু ২৬ ছেপ্টেম্বৰ ভোট গণনা সমাপ্ত নোহোৱা পৰ্যন্ত এই নিষেধাজ্ঞা বলৱৎ থাকিব

‘ড্ৰাই ডে’ জাৰি থকা দিনকেইদিন জিলাখনৰ ভিতৰত কোনো লোকে বা দলৰ দ্বাৰা কোনো ধৰণৰ মাদক দ্ৰব্য ৰখা, সুৰা বিক্ৰী, স্পিৰিট জাতীয় দ্ৰব্য বা মদ বা একে প্ৰকৃতিৰ পদাৰ্থৰ আদান প্ৰদান আৰু সেৱন আদি কৰিব নোৱাৰিব।।লগতে, ক্লাৱ আন,অফকে ধৰি সকলো পাইকাৰী গুদাম, IMFL ৰ সকলো খুচুৰা অফ আৰু অন দোকানবোৰ, দেশী সুৰাৰ দোকান সকলোবোৰ উল্লেখিত তাৰিখ আৰু সময়ত বন্ধ হৈ থাকিব আৰু এই আদেশ উলংঘা কৰিলে প্ৰাসংগিক বিধিৰ অধীনত আৰু নিৰ্বাচনী নিয়মৰ ধাৰা ১৩৫(গ) ৰ অধীনত ব্যৱস্থা লোৱা হ’ব।

Category