Maha Shivratri

প্ৰত্যেক বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশ তিথিত মহাশিৱৰাত্ৰিৰ পালন কৰা হয়। লোক বিশ্বাস অনুসৰি এই দিনটোতে দেৱো কে দেৱ মহাদেৱ আৰু মা পাৰ্বতীৰ বিশ্বৰ প্ৰথমখন প্ৰেম বিবাহ সম্পন্ন হৈছিল। এইবাৰ মহাশিৱ ৰাত্ৰি পৰিছে ২৬ ফ্ৰেব্ৰুৱাৰীত।

মহাশিৱৰাত্ৰিৰ দিনটোত ভক্তসকলে বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ, জগতৰ কল্যাণ সাধন কৰিবলৈ, নিজৰ ইচ্ছা, মনোকামনা পূৰণৰ বাবে শিৱৰাত্ৰিৰ ব্ৰত পালন কৰে। তিথি অনুসৰি, ২০২৫ চনৰ ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথি ২৬ ফ্ৰেব্ৰুৱাৰীৰ পুৱা ১১ বাজি ০৮ বজাত আৰম্ভ হ’ব আৰু ২৭ ফ্ৰেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৪ মিনিটত শেষ হ’ব।