অহা ৮ মাৰ্চত মহাশিৱৰাত্ৰি। শিৱৰাত্ৰিক লৈ ৰাজ্যৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। মহাদেৱ বাবাৰ আশীৰ্বাদ পাবলৈ শিৱৰাত্ৰিৰ দিনা বিভিন্ন জনে ব্ৰত ৰাখে।
লগতে কোৱা হয় যে, যদি কোনো অবিবাহিতা ছোৱালীয়ে ১৬ টা সোমবাৰ ব্ৰত ৰাখি ভোলানাথক পূজা কৰে, তেতিয়া শিৱৰ দৰে স্বামী পোৱা যায়।
এতিয়া জানো আহক, শিৱৰাত্ৰিৰ দিনা কি ৫ বিধ বস্তু শিৱ লিংগত অৰ্পণ কৰিলে বিভিন্ন দোষৰ পৰা মুক্ত হ'ব পাৰে?
১. শিৱ লিংগত সৰিয়হৰ তেল অৰ্পণ কৰিলে শত্ৰু নাশ হয়।
২. শিৱ লিংগত ফলা মগু অৰ্পণ কৰিলে মনৰ আশা পূৰ্ণ হয়।
৩. শিৱ লিংগত বুটৰ দাইল অৰ্পণ কৰিলে ভাগ্য বৃদ্ধি হয়।
৪. শিৱ লিংগত মাটিমাহ অৰ্পণ কৰিলে শনিৰ কু-প্ৰভাৱ কম হয়।
৫. শিৱ লিংগত মচুৰ দাইল অৰ্পণ কৰিলে ঋণৰ পৰা মুক্তি পোৱা যায়।
- Log in to post comments