মহাদেহ ত্ৰিনাথৰ অন্যতম। তেওঁক আৰাধনা কৰিলে দূৰ হয় বাধা–বিঘিনি।
প্ৰতিজন দেৱতাৰ দৰে মহাদেৱৰ পূজাৰো কেতবোৰ বিশেষ ৰীতি আছে। ইয়াৰ খেলিমেলি হ’লে ৰুষ্ট হ’ব পাৰে মহাদেৱ। সন্মুখত মহা শিৱৰাত্ৰি। এই দিনটোত ভক্তসকলে শিৱৰ আৰাধনাত মগ্ন হয়। তেওঁৰ পূজাৰ বিধি নাজানিলে আৰাধনা হ’ব মূল্যহীন।
হিন্দু দেৱ-দেৱীৰ পূজা মানেই বিশাল জাকজমকতা। সাজ-পোছাকৰ পৰা আৰম্ভ কৰি ভোগৰ আয়োজন, সকলোতে আছে জাক-জমকতা।
কিন্তু মহা শিৱৰাত্ৰিত ভক্তসকলে স্বয়ং দেৱাদিদেৱক ধতুৰা ফুল, বেল পাত আৰু পানীৰে পূজা কৰিলেই তেওঁ সন্তুষ্ট। শিৱৰাত্ৰিত বহুতেই ভোলেবাবাৰ মূৰত পানীৰ সলনি গাখীৰো ঢালে।
শিৱৰাত্ৰিত শিৱলিংগত বহুতে চন্দনৰ প্ৰলেপো লগায়। কিন্তু শিৱ পূৰাণ মতে, মহা শিৱৰাত্ৰিত শিৱলিংগত কেতিয়াও হালধি লগোৱা বা হালধি পানী ঢালা উচিত নহয়। ইয়াৰ কাৰণ মূলত দুটা।
১. পূৰাণ মতে, শিৱলিংগ আচলতে পূৰুষ যৌনাংগৰ প্ৰতীক। শিৱলিংগত চন্দন, ভস্ম, গাখীৰ আৰু পানীৰে পূজা কৰা হয়।
২. হালধি সৌন্দৰ্যৰ উপাদান। যাৰ পৰা মহাদেৱ শতযোজন দূৰত। তেওঁ খুবেই সাধাৰণ জীৱন-যাপন কৰে। পিন্ধে বাঘৰ ছাল, গাত ভস্ম সানি লয়। পাৰ্থিৱ বস্তুৰ প্ৰতি তেওঁৰ কোনো আকৰ্ষণ নাই। সেয়ে তেওঁ ‘ভোলে বাবা’।
- Log in to post comments