আজি শিৱৰাত্ৰি! মহাশিৱৰাত্ৰিত মহাসংযোগ, এই পাঁচটা ৰাশিৰ লোকসকলৰ ওপৰত পৰিব শিৱজীৰ কৃপা…

Zodaic Sign in Maha Shivratri

আজি মহাশিৱৰাত্ৰি। মহাদেৱ আৰু পাৰ্বতীৰ বিবাহ বাৰ্ষিকীৰ দিনটোত গ্ৰহ-নক্ষত্ৰইয়ো বনাইছে মহা সংযোগ। জ্যোতিষ শাস্ত্ৰ অনুসৰি মহাশিৱৰাত্ৰিৰ দিনটোত শনিৰ মকৰ ৰাশিত, চন্দ্ৰ, শনি, শুক্ৰ, বুধ, মঙল গ্ৰহ লগ হৈ পঞ্চ গ্ৰহৰ যোগ গঠন কৰিব। গ্ৰহৰ এই মহাসংযোগ পাঁচটা ৰাশিৰ বাবে হ’ব যথেষ্ট শুভ। পাঁচটা ৰাশিৰ লোকৰ ওপৰত পৰিব শিৱজীৰ কৃপা। এই লোকসকলৰ অতি সোনকালে উন্নতি হোৱাৰ লগতে ধন লাভ হ’ব।

মহাশিৱৰাত্ৰিত কোনকেইটা ৰাশি হ’ব আটাইতকৈ সৌভাগ্যশালী?

১) মেষ ৰাশি
মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ ওপৰত পৰিব শিৱজীৰ বিশেষ কৃপা। মেষ ৰাশিৰ জাতক-জাতিকসকলৰ ধন লাভ হোৱাৰ লগতে আৰ্থিক স্থিতি মজবুত হ’ব। বহুদিনৰ পৰা সম্পূৰ্ম নোহোৱা কামো শীঘ্ৰেই সম্পূৰ্ণ হ’ব।

২) বৃষ ৰাশি:
বৃষভ ৰাশিৰ লোকসকলৰ বাবে মহাশিৱৰাত্ৰিত হ’ব মহাসংযোগ। ভাগ্য সলনি হ’ব বৃষভ ৰাশিৰ জাতক-জাতিকাৰ। ভাগ্যৰ জৰিয়তে এইসকল লোকে সকলো কামত সফলতা পাব। বহু দিশৰ পৰা ধন লাভ হ’ব। প্ৰেমৰ সম্পৰ্কও ভাল হ’ব। শিৱৰাত্ৰিত শিৱজীক কুঁহিয়াৰৰ ৰস আৰু গাখীৰ অৰ্পণ কৰিব।

৩)মিথুন ৰাশি:
শিৱৰাত্ৰিৰ দিনটোত মিথুন ৰাশিৰ জাতক-জাতিকাই যথেষ্ট সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। দাম্পত্য জীৱনতো সুখেৰে ভৰি পৰিব।

৪)তুলা ৰাশি:
তুলা ৰাশিৰ লোকসকলে ভৌতিক সুখ লাভ কৰিব। ধন লাভ কৰাৰ লগতে এই ৰাশিৰ জাতক-জাতিকাই বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰিব। চাকৰি প্ৰত্যাক্ষীসকলে চাকৰিৰ বাবে অফাৰ পাব। কেৰিয়াৰৰ বাবে এই সময় যথেষ্ট ভাল। যাত্ৰাৰ যোগো আছে লোকসকলৰ।

৫)মকৰ ৰাশি:
মহাশিৱৰাত্ৰিৰ দিনটোত মকৰ ৰাশিৰ জাতক-জাতিকাৰ ওপৰতেই পৰিব আটাইতকৈ শুভ প্ৰভাৱ। কেৰিয়াৰ ক্ষেত্ৰত লাভ। নতুন চাকৰি পোৱাৰ প্ৰবল যোগ আছে।

Category
Profile picture for user UB Photos