Spot Death

যোৰাবাটৰ তেৰ মাইলত ভয়াৱহ পথ দুৰ্ঘটনা, নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আহি থকা বাইক আৰোহীক মহতীয়াই নিয়ে একে দিশেৰে গৈ থকা ট্ৰাকে।

ফলত ঘটনাস্থলীতে মৃত্যু হয় বাইক আৰোহীজনৰ। ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকখনে। 

উল্লেখ্য় যে, AS 01FA 5710 নম্বৰৰ মৃত বাইক আৰোহীজন ৩৪ বছৰীয়া পংকজ বিশ্বকৰ্মা বুলি চিনাক্ত কৰা হৈছে, তেওঁৰ ঘৰ নগাঁৱৰ আমনিত।

লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে যোৰাবাট যান বাহন আৰক্ষীয়ে।