১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জনৰ কৰুণ মৃত্যু

Road Accident Goalpara

১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জন লোকৰ কৰুণ মৃত্যু। ইয়াৰ উপৰি আন দুজন লোকো গুৰুতৰভৱে আহত হৈছে।

গোৱালপাৰাৰ বলবলা গধাবৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰি চকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ ।

একেটা পৰিয়ালৰ ৫জন কৈ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত পাঁচজন ক্ৰমে আব্দুৰ ৰহিম, ছবুৰা খাতুন, নাজমা খাতুন, ছোহেইল ৰহমান, আৰু জহেল ৰহমান ।

আনহাতে, গুৰুত্বৰ বাবে আঘাতপ্ৰাপ্ত হোৱা দুজনকৈ লোকৰ এজন আনোৱাৰ হুছেইন। ইতিমধ্য়ে দুয়োজনকে ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Category
Profile picture for user UB Photos