Nagaon

ৰাজ্যত এতিয়া জোৱাৰ উঠিছে...পৰকীয়া প্ৰেমৰ জোৱাৰ। এই পৰকীয়া প্ৰেমেই তচনচ কৰিছে বহুতৰ সংসাৰ। কিয় সঘনাই বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। ইয়াত ভুল বাৰু কাৰ সমাজ ব্যৱস্থাৰ নে পৰিয়ালৰ?

পুনৰ আজি নগাঁৱৰ কামপুৰত সংঘটিত হৈছে ডাবল মাৰ্ডাৰৰ ঘটনা। কামপুৰৰ পাঁচনিজাৰত সংঘটিত হয় নৃশংস হত্যাকাণ্ড। টেট শিক্ষকসহ পত্নীক হত্যা কৰে স্বামীয়ে। পৰকীয়া প্ৰেমৰ বাবেই এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।