কালিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত ৪ জন, ১ জন আহত

road Accident

আজি পুৱাৰ ভাগত নগাঁও জিলাৰ কলিয়াবৰত এখন বাহন খাৱৈত পৰি চাৰিজন লোক থিতাতে নিহত আৰু এজন আহত হয়।

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়। 

জানিব পৰা মতে, বাগোৰী আৰক্ষী চকীৰ অন্তৰ্গত কাঞ্চনজুৰীত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰি যায়।

ইফালে, ঘটনাস্থলীত চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হৈছে বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে।

নিহত সকল লোহিত দাস, ৰিসভ দাস, শচীন বৰদলৈ আৰু ৰাহুল সেনাপতি বুলি চিনাক্ত কৰা হৈছে।  

Category
Profile picture for user UB Photos