পথ দুৰ্ঘটনাত ধুবুৰীৰ আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ মৃত্যু!

accident spot death

এক শোকাৱহ ঘটনাত বুধবাৰে গোলোকগঞ্জত এক পথ দুৰ্ঘটনাৰ সময়ত ধুবুৰী জিলাৰ এজন চিকিৎসক নিহত হয়।

মৃত ব্যক্তিজনক চিকিৎসক সৌৰভ বেনাৰ্জী বুলি চিনাক্ত কৰা হৈছে, আগমনি সমুহীয়া স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল ব্যানাৰ্জী।

চিকিৎসক গৰাকীয়ে নিজৰ AS 06 S / 7693 নম্বৰৰ চাৰিচকীয়া গাড়ীৰে ছাগলীয়াৰ পৰা আগমনি অভিমুখে আহি আছিল। গড়েৰহাটত বিপৰীত দিশত আহি থকা WB 64 W / 9210 নম্বৰৰ আৰটিকা গাড়ীৰে মূখামূখী সংঘৰ্ষত নিহত হয় চিকিৎসক সৌৰভ বেনাৰ্জী।

আনহাতে, ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াই দিয়ে। 

Category
Profile picture for user UB Photos