UB Photos

গুৱাহাটী মহানগৰীৰ চন্দ্ৰপূৰ সূতা কলৰ সমীপত ভয়ংকৰ পথ দুর্ঘটনা।

দুর্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী কলকাতাৰ মহিলা

আহত কলকাতাৰ মহিলা গৰাকী হৈছে চুমা দিয়াসা(৪২) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কলকাতাৰ চুমা দিয়াসাই পবিতৰা পৰিদৰ্শন কৰিবলৈ গুৱাহাটীৰ হোটেলত আছিল। আজি পুৱা এ এছ01-জি কে-6320 নম্বৰৰ স্কুটি ভাড়া কৰি পবিতৰা অভিমুখে গৈ আছিল।এনেতে চন্দ্ৰপূৰ সূতা কলৰ সমীপত গাড়ীৰ আগত ছাগলী অহাত মহিলা গৰাকী স্কুটিখন পথত বাগৰি পৰে।

ইপিনে, একে দিশত অহা AS01-EZ-7358 নম্বৰৰ গাড়ী খনে মহিলা গৰাকীক মহটিয়াই নিয়ে।ফলত মহিলা গৰাকী গুৰুতৰভাবে আহত হয়।