হেৰুৱাব পাৰে চাকৰি! কৰ্তন হ’ব ২০ শতাংশ দৰমহা...

Himanta Biswa Sarma

বহু বিবাহৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। 

মুখ্যমন্ত্ৰীগৰাকীয়ে বহু বিবাহৰ সন্দৰ্ভত কয় যে, প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা 

প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা চৰকাৰী কৰ্মচাৰীয়ে চাকৰি কৰাৰ যোগ্যতাও হেৰুৱাব পাৰে। 

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, তদন্ত চলি থকাৰ সময়তে সংশ্লিষ্ট চৰকাৰী কৰ্মচাৰী বা বিষয়াগৰাকীৰ ২০ শতাংশ দৰমহাৰ কৰ্তন কৰি ভুক্তভোগী প্ৰথমা পত্নীক প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰ বাবে ভুক্তভোগী পত্নীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰিব পাৰিব। আবেদন লাভ কৰাৰ পাছত নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

মুখ্যমন্ত্ৰীৰ মতে, অসমত UCC প্ৰণয়ন হোৱাৰ পাছত বহু মহিলাই স্বামীৰ বিৰুদ্ধে বহু বিবাহৰ অভিযোগ লৈ আগবাঢ়ি আহিছে। এই অভিযোগসমূহৰ ভিতৰত ভালেসংখ্যক অভিযোগ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও অহা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Category