মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মোতালেবক গ্ৰেপ্তাৰ। মৰিগাঁৱৰ ভূৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ আব্দুলক।
স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লাইভ চলি থকাৰ সময়তে লাইভ অনুষ্ঠানৰ কমেণ্টত মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি দিছিল আব্দুল মোতালেবে
কোনোবাই ১ কোটি টকা দিলে মুখ্যমন্ত্ৰীক হত্যা কৰিব বুলি মন্তব্য কৰিছিল আব্দুল মোতালেবে। যোগাযোগ কৰিবলৈ দিছিল এটা ফোন নম্বৰো। কমেণ্টটোত উল্লেখ কৰা ফোন নম্বৰটো হৈছে ৯৯৫৪৩-৯০৪০০।
কমেণ্টত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিও দিছিল আব্দুল মোতালেব নামৰ একাউণ্টধাৰীজনে। লগতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি অশালীন শব্দও ব্যৱহাৰ কৰে।
কমেণ্টত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিও দিছিল আব্দুল মোতালেব নামৰ একাউণ্টধাৰীজনে। লগতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি অশালীন শব্দও ব্যৱহাৰ কৰে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আনহাতে গ্ৰেপ্তাৰৰ পিছতেই আব্দুলে কমেণ্ট কৰা নাই বুলি মন্তব্য কৰে।
- Log in to post comments