আজি পবিত্ৰ ৰাস পূৰ্ণিমা, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উদযাপন

raas


আজি পবিত্ৰ ৰাস পূৰ্ণিমা। ৰাধা-কৃষ্ণৰ প্ৰেমলীলা আৰু ভক্তিৰসৰ অমিয়া ধাৰাৰে পুনৰ উজলি উঠিবলৈ সাজু অসমৰ ৰাসথলী।

উজনিৰ পৰা নামনিলৈ খোল-তালৰ মধুৰ ধ্বনি উলাহ-আনন্দই বিৰাজ কৰা পৰিলক্ষিত হৈছে। ভক্তিৰসত বুৰ যাব ৰাসথলীসমূহ।

সাজু হৈ উঠিছে মৃন্ময় মূৰ্তি, দোকান- পোহাৰ, জাক জমকতাই এক অনাবিল পৰিৱেশৰ সৃষ্টি কৰিছে।  ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈউত্তৰ গুৱাহাটীৰ বাৰোৱাৰীত ৰাসক লৈ সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ । 

নামনি অসমৰ অন্যতম ৰাস মহোৎসৱ হৈছে উত্তৰ গুৱাহাটীৰ বাৰোৱাৰী ৰাস মহোৎসৱ।  সাতদিনীয়াকৈ আয়োজন কৰা ৮৬ তম্  ৰাস মহোৎসৱৰ এইবেলি বিশেষ আকৰ্ষণ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ মৃন্ময় মূৰ্তিৰ লগতে ২০০ ফুট দৈৰ্ঘ্যৰ কালীয়া দমন দৃশ্য। 

ভগৱান শ্ৰীকৃষ্ণৰ শিশুৰ পৰা যৌৱন কাললৈ মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শন কৰাৰ লগতে  আজি সন্ধিয়াৰে পৰা ধৰ্মীয় ৰীতি-নীতিৰে আৰম্ভ হ'ব ৰাস মহোৎসৱৰ ।

Category