দ্বিতীয় দিনাও অব্যাহত আছে যোৰাবাটত প্ৰতিবাদ

jorabat news


দ্বিতীয় দিনাও অব্যাহত আছে যোৰাবাটত প্ৰতিবাদ।।যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ।কেব চালক-মালিক সন্থাৰ প্ৰতিবাদ অব্যাহত। প্ৰতিবাদৰ ফলত স্তব্ধ হৈ পৰিছে মেঘালয়লৈ অহা-যোৱা কৰা পথ। 

মেঘালয়ৰ উচ্চপদস্থ বিষয়া আহি ক্ষমা নোখোজালৈকে প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ।লগতে শ্বিলঙত প্ৰতিবাদকাৰীয়ে ক্ষতিগ্ৰস্ত কৰা বাহনৰ ক্ষতিপূৰণ নিদিয়ালৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীয়ে।

প্ৰতিবাদী চালকে বন্ধ কৰিলে মেঘালয়ৰ মূল প্ৰৱেশদ্বাৰ। মেঘালয়লত প্ৰৱেশ কৰিব বিচৰা সকলো বাহনক প্ৰৱেশত বাধা। বাহনৰ পৰা নমাই দিয়া হৈছে পৰ্যটকসকলক। মেঘালয়ৰ বাহন তথা অসমৰ বাহনৰ পৰা পৰ্যটকক নমাই দিছে প্ৰতিবাদকাৰীয়ে। মেঘালয় ফুৰিবলৈ গৈ চূড়ান্ত হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ কথা প্ৰকাশ কৰিলে একাংশ পৰ্যটকে। প্ৰতিবাদৰ ফলত যোৰাবাটত দেখা গৈছে ট্ৰাকৰ দীঘলীয়া শাৰী।

ইফালে, মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ কৰা হৈছে। অসমৰ বাহনলৈ লক্ষ্য কৰি দুষ্কৃতিকাৰীৰ শিলগুটি নিক্ষেপ। মুখত ক’লা কাপোৰ বান্ধি দুষ্কৃতিকাৰীৰ শিলগুটি নিক্ষেপ অসমৰ বাহনলৈ। পুৱা ৫ বজাত গুৱাহাটীলৈ আহি থকাৰ সময়তে দুৰ্বৃত্তই ভাঙিলে ট্ৰাকখনৰ গ্লাছ। শ্বিলং বাইপাছৰ সমীপত এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল AS01OC5622 নম্বৰৰ ট্ৰাকখন। নিশা বাহনখন ৰখাবলৈ নিৰ্দেশ দিছিল একাংশ দুষ্কৃতিকাৰীয়ে। বাহনখন ৰখাবলৈ অস্বীকাৰ কৰা বাবে শিলগুটি নিক্ষেপ কৰি ক্ষতিসাধন কৰে বাহনখনৰ। এই ঘটনাবোৰক লৈ এতিয়া নিৰাপত্তাহীনতাত ভুগিছে অসমৰ গাড়ীচালক।

আনহাতে, যোৰাবাটৰ প্ৰতিবাদৰ মাজতে দুই দুষ্কৃতিকাৰীক কৰায়ত্ত। প্ৰতিবাদী চালকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে দুয়োজনক। হেলমেট পৰিধান কৰি হঠাতে আহি বাহনসমূহৰ ওপৰত আক্ৰমণ কৰিছিল দুয়োজনে।
 

Category