ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা সুৰেশ কালমাদীৰ দেহাৱসান ৷ মঙলবাৰে পুৱা ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।
শাৰীৰিক অসুস্থতাৰ বাবে পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কালমাদী ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পুৱা প্ৰায় ৩:৩০ বজাত শেষনিশ্বাস ত্যাগ কৰে ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ কালমাদীয়ে ।
পুনেৰ প্ৰাক্তন সংসদ তথা ৰে’ল বিভাগৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী কালমাদীয়ে ইহ-সংসাৰত পত্নীৰ সহিতে বিবাহিত পুত্ৰ, বোৱাৰী, দুগৰাকী বিবাহিত কন্যা, জোঁৱাই আৰু নাতি-নাতিনীক এৰি থৈ যায়। ।