ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ।
এফালে আমৰণ অনশন, আনফালে ৰাজপথলৈ ওলাই আহিল শ শ শিক্ষাৰ্থী।
প্ৰথমে পঞ্জীয়কৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত। তাৰ পাছতেই ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথত জ্বলালে টায়াৰ
বৰ্তমান উপাচাৰ্য অধ্যাপক নানীগোপাল মহন্তৰ কাৰ্যালয়ৰ মূল দুৱাৰ নেওচি চৌহদত প্ৰৱেশ শিক্ষাৰ্থীসকলৰ।
কাৰ্যালয়ৰ সন্মুখত উপাচাৰ্য মুৰ্দাবাদ, ননীগোপাল মহন্ত মুৰ্দাবাদ, উপাচাৰ্যই পদত্যাগ কৰক আদি শ্ল'গানেৰে প্ৰতিবাদ।
FYIMP আৰু SELF FINANCED পাঠ্যক্ৰমৰ মাচুল ৰেহাইৰ দাবীৰে এই প্ৰতিবাদ কাৰ্যসূচী।
উল্লেখ্য যে, একেই দাবীৰে সোমবাৰৰ পৰা আমৰণ অনশনত বহিছে শিক্ষার্থীসকলৰ আন এটা গোট।
২৪ ঘন্টা উকলি যোৱাৰ পাছতো কৰ্তৃপক্ষৰে কোনো সামাধান সূত্ৰ নোলোৱাত অনশন অব্যাহত ছাত্ৰ সমাজৰ।
এতিয়ালৈ শিক্ষার্থীসকলৰ দাবী মানি নোলোৱাৰ বাবে এইবাৰ উত্তাল প্ৰতিবাদ।
অনশনৰ মাজতেই অসুস্থ হৈ পৰে এগৰাকী ছাত্ৰী ।
অসুস্থ ছাত্ৰীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ত।
- Log in to post comments