ধেমাজি প্ৰশাসনৰ জিলা আয়ুক্তৰ সভাকক্ষত সংবাদমেল।
অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই জিলাখনৰ ধেমাজি,চিচিবৰগাঁও আৰু জোনাইকে ধৰি তিনিটা সমষ্টিৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰে৷
ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰে সংবাদমেল সম্বোধন কৰি কয় যে তিনিটা সমষ্টিত মুঠ ৫৮২৮৫৭ টা ভোটৰে অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত জিলাখনত মুঠ ৭৩৮ টা ভোট গ্ৰহন কেন্দ্ৰ আছে৷ ইয়াৰে ৭৮ নং ধেমাজি বিধান সমষ্টিৰ বাবে মুঠ ১৭৮৭৫৪ ভোটাৰৰ বাবে ভোট গ্ৰহন কেন্দ্ৰ সংখ্যা ২২৬ টা , ৭৯ নং চিচিবৰগাঁও বিধান সভাৰ সমষ্টিটোৰ ১৮১৮৭ টা ভোটাৰৰ বাবে ভোট গ্ৰহন কেন্দ্ৰ সংখ্যা ২৩০ টা আৰু ৮০ নং জোনাই বিধান সভাৰ সমষ্টিটোৰ ২২২২০৬ টা ভোটাৰৰ বাবে ভোট গ্ৰহন কেন্দ্ৰ সংখ্যা হৈছে ২৮২ টা ৷
তিনিটা সমষ্টিতে মুঠ পুৰুষ ভোটা সংখ্যা ২৯১,৪৯৪ আৰু মহিলা ভোটাৰ সংখ্যা ২৯১,৩৬৩ টা ৷ ইয়াৰে জিলাখনত তিনিটা সমষ্টিতে জ্যেষ্ঠ নাগৰিক ভোটা সংখ্যা মুঠ ৩৫৭৯ টা,চাৰ্ভিছ ভোটাৰ সংখ্যা ১২১৪ টা আৰু বিকলাংগ ভোটাৰৰ সংখ্যা হৈছে ৩৩২৩ টা ৷ জিলাখনত এতিয়ালৈকে ৩৭ টা স্পৰ্শকাতৰ ভোট কেন্দ্ৰৰ লগতে জিলাখনৰ ৭ টা ভোট গ্ৰহন কেন্দ্ৰলৈ নাওঁৰে যাব বুলিও উল্লেখ কৰে ৷ আজিৰে পৰা মনোনয়নপত্ৰৰ গ্ৰেট নৰ্টিফিকেশ্বনৰ ইছু কৰাৰ লগতে আয়োগৰ নিৰ্দেশ অনুসৰি যাবতীয় সকলোখিনি প্ৰস্তুতি সৰ্ম্পকে অৱগত কৰে জিলা আয়ুক্তই৷ সংবাদমেলত জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বৰ্ণনীল ডেকাই জিলাখনৰ নিৰাপত্তাজনিত সকলো সম্পৰ্কে উল্লেখ কৰে ৷
সংবাদমেলত ধেমাজি জিলা পৰিষদৰ কাৰ্য্যবাহী বিষয়া বিতুপন নেওগ , জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা,জোনাই সম জিলা আয়ুক্ত আনন্দ মালসূত্ৰা,জিলাৰ অতিৰিক্ত আয়ুক্ত দ্বয় ড° ভৰত কোঁৱৰ, ৰশ্মি প্ৰতাপ,ধেমাজি নিৰ্বাচনী ডিম্পল কামান,সহকাৰী আয়ুক্ত ক্ৰমে জিঞ্চু শইকীয়া , বন্দিৎ গগৈ আৰু ত্ৰিসিদ্ধ নাথে উপস্থিত থাকে৷
- Log in to post comments