পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা।
স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই মহানগৰীত প্ৰতিদিনে সংঘটিত হৈছে চুৰিৰ ঘটনা।
এইবাৰ গুৱাহাটীৰ মহানগৰীৰ বাঘৰবৰীৰ শিৱ মন্দিৰ পথত চোৰৰ অভিযান।
মহানগৰীৰ বাঘৰবৰীৰ শিৱ মন্দিৰ পথত ধাৰাবাহিক ভাবে চোৰে চলাইছে চাফাই অভিযান ।
বাঘৰবৰীৰ শিৱ মন্দিৰ পথৰ ২০ নং বাসগৃহত চোৰে চলাইছিল লুটপাত।
ঘৰত কোনো নথকাৰ সুযোগ লৈ সোমবাৰে সন্ধিয়াতে চোৰে আলমিৰা ভাঙি লুটি নিলে ২০ লাখ টকাৰ সোণৰ অলংকাৰ আৰু নগদ ২০ হাজাৰ টকা।
ঘৰত দিন হাজিৰা কৰা জেহেৰুল আলী নামৰ শ্ৰমিকজনে লুট কৰা বুলি ঘৰৰ গৰাকী ৰমেন দাসে সন্দেহ কৰে।