ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চাফাই অভিযান

lumding

ৰাজ্যত বৃদ্ধি পাইছে চুৰিকাণ্ড ঘটনা। এইবাৰ লামডিঙত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। 

চোৰৰ উপদ্ৰৱত নিদ্ৰাহৰিছে সাধাৰণ ৰাইজৰ । আৰক্ষীৰ তহলদাৰী ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই এইবাৰ লামডিং পৌৰসভাৰ ৯ নং ৱাৰ্ডৰ বিধায়ক পল্লীৰ নিবাসী সঞ্জীৱ পালৰ ঘৰত চোৰে চলালে চাফাই অভিযান ।  

জানিব পৰা মতে, সঞ্জীৱ পালে তেওঁৰ অসুস্থ কন্যাৰ চিকিৎসাৰ বাবে হোজাইলৈ গৈছিল। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে নিশা ঘৰৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। পুৱা চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে পৰিয়ালটোৱে সকলো প্ৰত্যক্ষ কৰে। চোৰে নগদ ধনৰ লগতে সাঁচি থোৱা সোণৰ অলংকাৰ আৰু ঘৰৰ কেইবাটাও মূল্যবান সামগ্ৰী লৈ উধাও হয়। ঘৰৰ ভিতৰৰ সামগ্ৰীসমূহ চোৰে লণ্ড-ভণ্ড কৰি পেলাই থৈ যায়।

আনফালে,নগদ ধনসহ সাঁচি থোৱা সোণৰ অলংকাৰ লগতে ঘৰৰ মূল্যবান সামগ্ৰী লুটপাত কৰি নিয়ে চোৰে। এই ঘটনাৰ পাছতে লামডিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। 

Category