চলন্ত বুলেটত ভয়ংকৰ অগ্নিকাণ্ড

guwahati news

গুৱাহাটী মহানগৰীৰ পাঠৰকুৱেৰীত ভয়ংকৰ ঘটনা। চলন্ত বুলেটত ভয়ংকৰ অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে এজন সেনা জোৱানৰ।

সেনা জোৱানজন নাৰেংগী সেনা শিবিৰৰ নায়ক ছাৰভেজ(২৬)।বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,নাৰেংগী সেনা শিবিৰৰ নায়ক ছাৰভেজে UP62-BD-2207 নম্বৰৰ বুলেট বাহনখনত পাথৰকুৱেৰীৰ পেট্ৰ'ল পাম্পত তেল ভৰাই নাৰেংগী সেনা শিবিৰলৈ গৈ আছিল।গৈ থকা অৱস্থাত পাথৰকুৱেৰীৰ তিনি আলিত চলন্ত বুলেটত জুয়ে আগুৰি ধৰে।লগে লগে সেনা জোৱান নায়ক ছাৰভেজে বুলেটখন ৰখাই হোটেললৈ দৌৰি পানী আনিবলৈ যায়।

এনেতে বুলেটৰ অইল টেংকী প্রচণ্ড শব্দ কৰি বিস্ফোৰণ হৈ সমগ্ৰ গাড়ী খনত জুয়ে আগুৰি ধৰে। ফলত ওচৰে পাজৰে থকা গছ গছনিত জুয়ে আগুৰি ধৰে।

পিছত স্থানীয় ৰাইজ আৰু সাতগাওঁ যান বাহন আৰক্ষীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জুই নিৰ্বাপনৰ পিছত সাতগাওঁ যান বাহন আৰক্ষীয়ে বুলেট খন উদ্ধাৰ কৰি সাতগাওঁ থানা লৈ লৈ যায়।

Category