পেট্ৰ’ল আৰু ডিজেলৰ কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস সন্দৰ্ভত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।
সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, পশ্চিম এছিয়াৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰ’ল আৰু ডিজেলৰ কেন্দ্ৰীয় আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰা হৈছে। ইয়াৰ দ্বাৰা গ্ৰাহকসকল দাম বৃদ্ধিৰ পৰা ৰক্ষা পৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় নিশ্চিত কৰি আহিছে যে নাগৰিকসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু মূল্যৰ উঠা-নমাৰ পৰা সুৰক্ষিত।
ডিজেল ৰপ্তানিৰ ওপৰত প্ৰতি লিটাৰত ২১.৫ টকা আৰু এটিএফত প্ৰতি লিটাৰত ২৯.৫ টকা শুল্ক আৰোপ কৰা হৈছে। ইয়াৰ দ্বাৰা ঘৰুৱা ব্যৱহাৰৰ বাবে এই সামগ্ৰীসমূহৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত হ’ব।
এই সম্পৰ্কে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, "প্ৰধানমন্ত্ৰীৰ মতে, গ্ৰাহকৰ বাবে দাম বৃদ্ধি হ’ব নালাগে। আমি এই সিদ্ধান্ত লৈছিলো যাতে অ’এমচিয়ে খাৰুৱা তেল ক্ৰয় বন্ধ নকৰে আৰু দেশত ইন্ধনৰ কোনো নাটনি নহয়। "
ইফালে লকডাউন সন্দৰ্ভত চলা প্ৰচাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সমুলঞ্চে খাৰিজ কৰে। তেওঁ এই বাতৰিক ভিত্তিহীন বুলি মন্তব্য কৰে। চৰকাৰে এনে কোনো পদক্ষেপৰ কথা চিন্তা কৰা নাই বুলিও কয় নিৰ্মলা সীতাৰমণে।
- Log in to post comments