Scam

ক্ষিপ্ৰ গতিত চলিছে APSC কেলেংকাৰিৰ তদন্ত। ইতিমধ্যেই SITএ তলব কৰিছে ইজনৰ পিছত সিজনকৈ ৰাজপত্ৰিত বিষয়াক।

আজি SITৰ জিম্মাৰ ম্যাদ উকলিব ৱাহিদা বেগম, নন্দ বাবু সিঙৰ। নগাঁও কৰ সংমণ্ডলৰ কৰ অধীক্ষক আছিল ৱাহিদা বেগম। CIDৰ প্ৰাক্তন SP নিৰ্মল বৈশ্যৰ পত্নী কৰ অধীক্ষক ৱাহিদা বেগম। APSCৰ প্ৰাক্তন মুখ্য পৰীক্ষা নিয়ন্ত্ৰক আছিল নন্দবাবু সিং।

SITৰ জিম্মাত আছিল দুই অভিযুক্ত বিষয়া। আজি পুনৰ SITএ দুয়োকে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা লগতে আজিয়েই দুয়োকে পুনৰ হাজিৰ কৰোৱা হ’ব মুখ্য ন্যায়াধীশৰ আদালতত।