Dr Himanta Biswa Sarma

অতিৰিক্ত কৰৰ বোজাৰে ভাৰাক্ৰান্ত হৈছে ৰাজ্যবাসী। ৰাজ্য চৰকাৰৰ আৰু নতুন নতুন কৰ।

এতিয়াৰে পৰা ৰাজ্যবাসীয়ে দিব লাগিব সাংস্কৃতিক অনুষ্ঠানৰ বাবদ ৩০০ কৈ টকা। বিহুৰ অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা উলিয়ালেও দিব লাগিব কৰ।

আনহাতে, ৰাজনৈতিক অনুষ্ঠান, ৰেলী উলিয়ালে দিব লাগিব ২ হাজাৰ টকাকৈ। ৰাজনৈতিক জনসভা পাতিলেও দিব লাগিব কৰ। খেলৰ অনুষ্ঠান পাতিলে দিব লাগিব ২ হাজাৰ টকাকৈ। বাণিজ্য মেলা, খাদ্য মেলা আৰু এক্সপ’ৰ বাবে ৫ হাজাৰ টকা। বাটৰ নাট, সজাগতামূলক অনুষ্ঠানটো দিব লাগিব কৰ।