'মুখ্যমন্ত্ৰীৰ হাতত সুৰক্ষিত নহয় অসম আৰু অসমীয়া'! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেবিনেট মৰ্যাদা এৰিলে ৰাজেন গোহাঁয়ে......

Rajen Gohain

অসম বিজেপিত আৰম্ভ হ'ল মুকলি বিদ্ৰোহ ৷ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে ৰাজেন গোহাঁইয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তীব্র ক্ষোভ ৰাজেন গোহাঁইৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নগাঁও সমষ্টি আনৰ হাতত গতাই দিয়া হ'ল বুলি মন্তব্য গোহাঁইৰ। 

ৰাজেন গোহাঁয়ে কয়, "কেৱল মিঞাৰ ভোট নালাগে বুলি ক'লে নহয়তো। মই পূৰ্বেও আপত্তি দৰ্শাইছিলো, মুখ্যমন্ত্ৰীক জনাইছিলো। মোক প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেয়া নহ’ল। অসমীয়া আৰু হিন্দুৰ ৰক্ষা কৰিব বুলি তেওঁ মুখেৰেহে কয়, হাতে–কামে বসুন্ধৰা আঁচনিতো এটা বিশেষ সম্প্ৰদায়কহে আগস্থান দিয়ে।"

Rajen Gohain

লগতে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৰাজেন গোহাঁয়ে "নগাঁৱৰ সংসদজনে তেওঁৰ মানুহক বিধায়ক হোৱাত যাতে বাধা দিব নোৱাৰে তাৰ বাবেই মোক (ৰাজেন গোহাঁই) ক ছাইডলাইন কৰা হৈছে। তেওঁ কয়, মই দলৰ বিৰুদ্ধে নাই যোৱা, দলটোক আমি বৰ কষ্টৰে গঢ়িছিলো। চাৰিবাৰকৈ সমষ্টিটো আমাৰ হাতত আছিল।

প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়, "এতিয়া কাজিৰঙাৰ কথা কৈ লাভ নাই। কাজিৰঙাত পূৰ্বে গৌৰৱ গগৈয়ে ৪০ শতাংশ ভোট পাই হিন্দু বেল্টত। আমি কাকো বন্ধকত লৈ থোৱা নাই যে আমাকেই ভোট দিব।"

বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গোহাঁয়ে। তেওঁ কয়, "ভৱেশ কলিতা অযোগ্য নহয়, কিন্তু স্বাধীনভাৱে সিদ্ধান্ত ল'ব নোৱাৰে।"

 উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব প্ৰশান্ত কাঠকটীয়াৰ হাতত ৰাজেন গোহাঁয়ে অৰ্পণ কৰিছে পদত্যাগ পত্ৰখন।
 

Category
Profile picture for user UB Photos