অতিৰিক্ত কৰৰ বোজাৰে ভাৰাক্ৰান্ত ৰাজ্যবাসী; এইবাৰ ক’ত ক’ত ৰাজ্য চৰকাৰে লগালে কৰ?

tax

অতিৰিক্ত কৰৰ বোজাৰে ভাৰাক্ৰান্ত হৈছে ৰাজ্যবাসী। ৰাজ্য চৰকাৰৰ আৰু নতুন নতুন কৰ।

এতিয়াৰে পৰা ৰাজ্যবাসীয়ে দিব লাগিব সাংস্কৃতিক অনুষ্ঠানৰ বাবদ ৩০০ কৈ টকা। বিহুৰ অনুষ্ঠান, সাংস্কৃতিক শোভাযাত্ৰা উলিয়ালেও দিব লাগিব কৰ।

আনহাতে, ৰাজনৈতিক অনুষ্ঠান, ৰেলী উলিয়ালে দিব লাগিব ২ হাজাৰ টকাকৈ। ৰাজনৈতিক জনসভা পাতিলেও দিব লাগিব কৰ। খেলৰ অনুষ্ঠান পাতিলে দিব লাগিব ২ হাজাৰ টকাকৈ। বাণিজ্য মেলা, খাদ্য মেলা আৰু এক্সপ’ৰ বাবে ৫ হাজাৰ টকা। বাটৰ নাট, সজাগতামূলক অনুষ্ঠানটো দিব লাগিব কৰ।

থিয়েটাৰৰ শ্ব’ পাতিলে দিব লাগিব ৫ হাজাৰ টকা কৰ। দ্ৰোণ উৰুৱালে দিব লাগিব ৩ হাজাৰ টকা। বাণিজ্যিক নিৰ্মাণকাৰ্যৰ বাবে ৫০ হাজাৰ টকা। GMDAৰ এলেকাৰ বাহিৰৰ হ’লে ২৫ হাজাৰ টকা। গেছ এজেন্সী, পেট্ৰ’ল পাম্পে ভৰিব লাগিব ১০ হাজাৰ টকা কৰ। আতচবাজীৰ দোকান খুলিলে দিব লাগিব ২ হাজাৰ টকা।

Category
Profile picture for user UB Photos