দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

PM Modi to visit Assam on Sept 13-14

১৩ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত প্ৰধানমন্ত্ৰীৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে অৱগত কৰে ।। মুখ্যমন্ত্ৰী শৰ্মাই সংবাদমেলযোগে জনায়, “১৩ ছেপ্টেম্বৰত আবেলি ৪.২০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি বিমান বন্দৰত উপস্থিত হ’ব । ৫-২৫ বজাত গুৱাহাটীৰ খানাপাৰাত হ’বলগীয়া ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷।”

জানিব পৰা মতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণসূচীত প্ৰায় ১৮০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।।লগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সৈতে প্ৰকাশ কৰা বিশেষ ১০০ টকীয়া মুদ্ৰা উদ্বোধন কৰিব।

১৩ ছেপ্টেম্বৰৰ খানাপাৰাৰ এই অনুষ্ঠানতে ১২০০ ৰো অধিক শিল্পীয়ে ১৮ মিনিটতকৈয়ো অধিক সময় সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১৪ টা গীতৰ কলি একেলগে পৰিৱেশন কৰিব। । এই অনুষ্ঠানতে ভূপেন হাজৰিকাৰ এখন জীৱনী গ্ৰন্থ উদ্বোধন কৰা হ’ব ।

১৩ ছেপ্টেম্বৰ নিশা গুৱাহাটীৰ ১ নং ৰাজ্যিক গেষ্ট হাউচত নিশা কটাই ১৪ ছেপ্টেম্বৰৰ দিনা দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙলদৈলৈ ৰাওনা হয়। মঙলদৈত তেখেতে দৰং মেডিকেল কলেজ, নাৰ্চিং কলেজ আৰু জি এন এম স্কুলৰ মুঠ ৫৬৭ কোটি টকাৰ মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । লগতে, কুৰুৱা আৰু নাৰেংগীৰ মাজৰ ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় ১২০০ কোটি টকাৰ দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু ৪৫০০কোটি টকা মূল্যৰ এটা লিংক ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । যিটো লিংক ৰোডে নাৰেংগী-ডিগাৰু-বাইহাটা-কুৰুৱাক সামৰি গুৱাহাটী চিটিখনক এটা আৱৰ্তৰ ভিতৰলৈ লৈ আনিব ।

মঙলদৈৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোনে পোনে আবেলি নুমলীগড়ৰলৈ যাব।নুমলীগড়ৰ শোধনাগাৰত গৈ ৫০০০ কোটি টকা ব্যয় সপক্ষে নুমলীগড় শোধনাগাৰে নিৰ্মাণ কৰি উলিওৱা ভাৰতৰ প্ৰথমটো বায়’ৰিফাইনেৰী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । বাঁহৰ পৰা ইথানল আৰু কেইবাটাও প্ৰডাক্ট এই জৈৱ শোধনাগাৰটোৰ জড়িয়তে উৎপাদন কৰা হ’ব । ইয়াৰ পিছত তেখেতে ৭০০০ কোটি টকাৰ এটা প’লিপ্ৰপেলিন উৎপাদন প্ৰকল্প এটাৰ আধাৰশিলা স্থাপন কৰিব । ১৪ ছেপ্টেম্বৰৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত সৰ্বমুঠ ১৮০০০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব ৷

নুমলীগড়ৰ কাৰ্য সমাপ্ত কৰি সন্ধিয়া যোৰহাট বিমান বন্দৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হ’ব।

Category