গোলাঘাটৰ খুমটাইত সংঘটিত চাঞ্চল্যকৰ ঘটনাৰ সৈতে জড়িত দুজন যুৱকক আটক কৰিছে। আনহাতে ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে চোমনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰভাত শইকীয়া আৰু কনিষ্টবল মুনীন্দ্ৰ মাধৱ শইকীয়াৰ।
উল্লেখ্য যে, যোৱা ২ ছেপ্টেম্বৰৰ দিনা বাইকেৰে গৈ থকা অৱস্থাত এজন যুৱকৰ হাত কাটি দুছেও কৰিছিল ডাম্পাৰত অহা দুৰ্বৃত্তই। এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল যদিও গোলাঘাট আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক।