
USTM বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহবুবুল হকক গ্ৰেপ্তাৰ। ঘোঁৰামৰাস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় মহবুবুল হকক। নিশা আৰক্ষী আৰু STFৰ এটা দলে গ্ৰেপ্তাৰ কৰে হকক।
গ্ৰেপ্তাৰৰ পিছতেই হাজিৰ কৰোৱা হৈছিল পাণবজাৰ থানাত। বৰ্তমান কৰিমগঞ্জলৈ লৈ যোৱা হৈছে উপাচাৰ্যগৰাকীক। পৰীক্ষাৰ্থীৰ পৰা ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হকক।
CBSEৰ দ্বাদশ বৰ্ষৰ শিক্ষাৰ্থীৰ পৰা প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগ উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে। শ্ৰীভূমিৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্থবিজ্ঞান বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২৭৪গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে ৪৫গৰাকী শিক্ষাৰ্থী আছিল কেন্দ্ৰীয় বিদ্যালয়ৰ। URD গ্ৰুপৰ ২১৪গৰাকী পৰীক্ষাৰ্থীক সহায় কৰাৰ উদ্দেশ্য লৈ যোৱা হৈছিল কেন্দ্ৰটোলৈ। পিছে পৰীক্ষা কেন্দ্ৰটোত সহায় নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল পৰীক্ষাৰ্থীয়ে।
ধন লৈ পৰীক্ষাত সহায় কৰাৰ অভিযোগ উত্থাপন হৈছিল USTৰ বিৰুদ্ধে। এই গোচৰৰ ভিত্তিতে মাজনিশা গ্ৰেপ্তাৰ উপাচাৰ্যগৰাকীক।
- Log in to post comments