শীর্ষ আৰক্ষী বিষয়াৰ পৰা দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ তোলপাৰ, কিন্তু কিয়?

dispur police

ন্যায়ালয়ৰ ভৎৰ্সনাৰ পাছতে পূৱ আৰক্ষী জিলাত হাহাকাৰ 
শীর্ষ আৰক্ষী বিষয়াৰ পৰা দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ তোলপাৰ
দিছপুৰ আৰক্ষীয়ে গাড়ী চুৰিৰ গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ
গোচৰ পঞ্জীয়ন নকৰাক লৈ ন্যায়ালয়ৰ কাষ চাপিছিল ভুক্তভোগী 
HCয়ে গোচৰটোৰ তথ্য বিচাৰি ৭ মাৰ্চত প্ৰেৰণ কৰিছিল জাননী 
গোচৰ ৰুজু নোহোৱাক লৈ তথ্য দাখিলৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে
বুধবাৰে পুনৰ গোচৰটোৰ শুনানি গ্ৰহণ ন্যায়ালয়ৰ
আদালতত চৰকাৰী পক্ষই দাখিল কৰিব নোৱাৰিলে তথ্য
যাৰ বাবে খড়্গহস্ত হৈ পৰে গুৱাহাটী উচ্চ ন্যায়ালয় 

ন্যায়ালয়ৰ ভৎসনাৰ পাছতে বিগত বৰ্ষৰ ১৩ নৱেম্বৰত শোণিতপুৰৰ আফোজা বেগম নামৰ মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰে আৰক্ষীয়ে। ৯ অক্টোবৰত মহিলাগৰাকীৰ পৰা AS 01AE 9425 নম্বৰৰ বাহন খন গুৱাহাটীৰ সুনাইঘুলীৰ সমৰ বড়ো নামৰ এজন ব্যক্তিয়ে বিয়ালৈ যাবৰ বাবে লৈছিল। সমৰৰ দুই বন্ধু তফিকুল আলি আৰু জিটু আলিক লগত লৈ তিনিও গৈছিল ৰাণীলৈ।

কিন্তু ৰহস্যজনক ভাবে ১০ অক্টোবৰত ৰাণীত উদ্ধাৰ হৈছিল সমৰ বড়োৰ মৃতদেহ। পিছে উদ্ধাৰ হোৱা নাছিল সমৰ বড়োয়ে বিয়ালৈ নিয়া বাহনখন। ৰাণী আৰক্ষীয়ে তদন্ত কৰি গাড়ী চুৰি চক্ৰৰ তথ্য লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত সমৰ বড়োৰ বন্ধু তফিকুল আৰু জিটুক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। 
 

Category