যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰা লম্পট আৰক্ষীৰ জালত...

baksa

বৰ্তমান সময়ত যুৱতীসকল ক'তো সুৰক্ষিত নহয়, এই কথা নুই কৰিব নোৱাৰি। তাৰ মাজতে বাক্সাৰ এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰা এটা উদণ্ড লম্পট পৰিল আৰক্ষীৰ জালত। বাক্সাৰ শিমলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নগাঁও জিলাৰ ননৈৰ ২৩ বছৰীয়া যুৱক বাস্তৱ দাসক।

উল্লেখ্য যে, বাক্সাৰ ভুলকামুৰীৰ এগৰাকী অসহায় যুৱতীৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাস্তৱ দাসক। যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, সামাজিক মাধ্যমত যুৱতী গৰাকীৰ অশ্লীল ভিডিঅ' ভাইৰল কৰিছিল লম্পট বাস্তৱ দাসে। আৰু সেই অভিযোগৰ ভিত্তিতে বাক্সাৰ শিমলা আৰক্ষীয়ে নগাঁও জিলাৰ ননৈত অভিযান চলায় গ্ৰেপ্তাৰ কৰে লম্পটটোক। 

ইতিমধ্যে, শিমলা আৰক্ষীয়ে অভিযুক্ত বাস্তৱ দাসৰ মোবাইল ফোন জব্দ কৰাৰ লগতে শিমলা আৰক্ষীৰ জিম্মাত ৰাখিছে বাস্তৱ দাসক।

আৰক্ষীয়ে জনোৱা অনুসৰি,  10/25 নম্বৰৰ গোচৰৰ IT Actot ধাৰাত যুৱকজনক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰিব। 

Category