নিশা মহানগৰীৰ জুৰিপাৰত ভয়ংকৰ পথ দূৰ্ঘটনা। ট্ৰাকে মহতীয়াই নিলে বাইক আৰোহীক। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহীজন। আঘাতপ্ৰাপ্ত আৰোহীজন এজন চিকিৎসক।
জানিব পৰা মতে, বাইক আৰোহীজনে পথ অতিক্ৰম কৰিব লওঁতেই AS 01 QC 6009 নম্বৰৰ ট্ৰাকখনে প্ৰচণ্ড জোৰৰে খুন্দা মাৰে ফলত বাইকসহ আৰোহীজন সোমাই যায় ট্ৰাকৰ তলত।।কথমপি প্ৰাণ ৰক্ষা পৰে যদিও বাইক আৰোহীজনৰ অৱস্থা সংকটজনক।বাইক আৰোহীজনক ততাতৈয়াকৈ একাংশ পথাচাৰীয়ে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ।
ইয়াৰ পাছতে ঘটনাস্থলীত যান-বাহন আৰক্ষী উপস্থিত হৈ বাহন দুখন উদ্ধাৰ কৰি লৈ যায় থানালৈ।
- Read more about চলন্ত ট্ৰাকৰ তলত সোমাল বাইকসহ আৰোহী
- Log in to post comments