Murder

মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। মহাৰাষ্ট্ৰৰ ৰায়গদ জিলাত খাদ্য ৰন্ধাৰ সময়ত খাদ্য ৰন্ধাক লৈ কাজিয়া লাগি নিজ পুত্ৰই জ্বলাই দিলে মাতৃক। ৰেৱদাণ্ডাৰ সমীপৰ নৱখাৰ গাঁৱত মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনাটো। এই অমানৱীয় ঘটনাৰ বলি হোৱা মাতৃ গৰাকীৰ নাম চাংগুনা নামদেও খোট বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, মহিলাগৰাকীৰ বৃহস্পতিবাৰে পুৱাই আলিবাগৰ এখন চৰকাৰী চিকিৎসালয়ত এক যন্ত্ৰণাদায়ক মৃত্যু হয়।