ইজনৰ পিছত সিজন জালত পৰিছে দিন দুপৰতে হত্যা কৰা ৰঞ্জিৎ বৰাৰ হত্যাকাণ্ডৰ অভিযুক্ত

Guwahati

পূৰৱী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাৰ অভিযোগত দুজনক কৰায়ত্ত। মৰিগাঁৱৰ পৰা আমিৰ নামক এজনক আটক। DCP সুধাকৰ সিঙৰ নিৰ্দেশত আমিৰক আটক কৰা হয়। আমিৰৰ শহুৰেকৰ ঘৰতো চলিছিল আৰক্ষীৰ অভিযান।

মৰিগাঁৱত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয় আমিৰক। ১৫ দিন পূৰ্বে দিন দুপৰতে মহানগৰীৰ পাঞ্জাবাৰীত ৰঞ্জিত বৰাক গুলীয়াই হত্যা কৰিছিল দুই অস্ত্ৰধাৰী দুৰ্বৃত্তই। দিন দুপৰতে সংঘটিত হৈছিল এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা। চিন্টু মেধি নামৰ এজনকো কৰায়ত্ত কৰে আৰক্ষীয়ে। জানিব পৰা মতে সংবাদ মাধ্যমৰ পৰা আতৰত ৰাখি গোপনে জেৰা কৰিছে চিন্টুক।

Category
Profile picture for user UB Photos