মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক হত্যা কৰি পলাতক স্বামী!

Murder

পুনৰ এক হত্যাকাণ্ডই জোকাৰিছে মহানগৰীক! ভাড়া ঘৰৰ এটা কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ জ্যোতিনগৰৰ হালদিমিলৰ হাউচ নং ৯০ বৃহ্পতিবাৰে সংঘটিত হৈছে এই ঘটনা যোৱা জুলাইৰ পৰা ঘৰটোত ভাৰাতীয়া হিচাপে আছিল  স্বামী-স্ত্ৰী মৃতদেহ উদ্ধাৰৰ পিছতে ৰহস্য জনক ভাবে পলাতক হৈ আছে স্বামী জয় কুমাৰ ৰায় জানিব পৰা মতে পত্নী জেউতি বেগমগৰ সৈতে স্বামী জয় কুমাৰ ৰায়ে দুবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল পত্নী জেউতি বেগমগৰ ঘৰ ৰঙিয়াত আৰু স্বামী জয় কুমাৰ ৰায়ৰ ঘৰ উৰিষ্যা স্বামী জয় কুমাৰ ৰায়ে নিউ গুৱাহাটীৰ MG কয়লাৰ লোদিং অনলোডিংৰ কাম কৰিছিল মহিলা গৰাকীক পৰিকল্পিত ভাবে হত্যা কৰি আত্মহত্যাৰ ৰূপ দি স্বামীয়ে পলায়ন কৰিছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজেচান্দমাৰী আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰিছে

 

Category
Profile picture for user UB Photos