Assamese News

পকা তেতেলী বুঢ়া বৰালী।
বিস্তৰ কৰি দিবাহা জালি॥
বাঢ়ি দিবা টেঙাৰ ঝোল।l
খাবৰ বেলা মুণ্ড নোতোল॥
অৰ্থাৎ পকা তেতেলী আৰু বয়সীয়াল বৰালী মাছৰ ব্যঞ্জন ইমানেই সোৱাদযুক্ত হয় যে খোৱাৰ সময়ত খাওঁতাজনে মূৰ তুলিবৰ আহৰি নাপায়।


মাছ আৰু টেঙাৰ জোল অসমীয়া লোকসকলৰ মাজত পৰম্পৰাগতভাৱে চলি অহা টেঙা উপকৰণেৰে ৰন্ধা মাছৰ একপ্ৰকাৰৰ ব্যঞ্জন। সাধাৰণতে গৰমৰ দিনত মাছৰ টেঙা জোল খোৱাৰ মাদকতাই সুকীয়া। সমগ্ৰ অসমতে এই ব্যঞ্জনবিধ জনপ্ৰিয়। এই জনপ্ৰিয় ব্যঞ্জনবিধ কি কি উপকৰণেৰে কেনেকৈ বনাব পাৰি জানেনে আপুনি?

কি কি উপকৰণেৰে ৰান্ধিব পাৰি এই ব্যঞ্জন