
* সুদীৰ্ঘ ন মাহৰ পিছত পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ।
* মহাকাশ কেন্দ্ৰৰ বহু স্মৃতি লৈ পৃথিৱীলৈ উভতিব সুনীতা।
* সুদীৰ্ঘ ৯ মাহ ধৰি আৱদ্ধ হৈ থকাৰ পিছত বিষন্ন মনে উভিতব সুনীতা।
* মহাকাশৰ পৰাই সাংবাদিকক হৃদয়ৰ বতৰা দিলে এইদৰে....
অপ্ৰত্যাশিতভাৱে ন মাহ মহাকাশত থকাৰ পিছত অৱশেষত পৃথিৱীলৈ ঘূৰি আহিবলৈ সাজু হৈছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ। সুনীতা উইলিয়ামছ আৰু নাছাৰ সহযোগী মহাকাশচাৰী বুচ উইলম'ৰে ২০২৪ বৰ্ষৰ জুন মাহত আঠ দিনীয়া এটা অভিযান লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)লৈ গৈছিল।
কিন্তু, বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখনৰ কাৰিকৰী সমস্যাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকাৰ পিছত অৱশেষত চলিত মাৰ্চ মাহৰ শেষৰ ফালে পৃথিৱীলৈ উভতি আহিব নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম'ৰ।
মহাকাশৰ পৰা অতি শীঘ্ৰে পৃথিৱীলৈ উভতিব সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ। স্পেছ এক্সৰ কেপচুলৰ জৰিয়তে পৃথিৱীলৈ উভতিব দুই মহাকাশচাৰী। অহা ১৯ মাৰ্চত দুই মহাকাশচাৰী ঘূৰি অহাৰ সম্ভাৱনা। ১২ মার্চত মহাকাশলৈ উৎক্ষেপন কৰিব স্পেছ এক্সৰ বিশেষ যান। এই স্পেছ এক্সৰ বিশেষ যানত যাত্ৰা কৰিব আন দুই মহাকাশচাৰীয়ে। আমেৰিকাৰ নিউ মেক্সিকোত অৱতৰণৰ সম্ভাৱনা।
সাংবাদিকৰে মত বিনিময় কৰি নিজৰ অভিজ্ঞতাৰ বিষয়ে ক'লে - 'I WILL MISS EVERYTHING...'
- Log in to post comments