ভক্তিৰ নামত অশ্লীলতা! মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ' বিক্ৰী হৈছে ৩০০০-৪০০০ টকাত....

mahakumbha

পুণ্যস্নানলৈ গৈয়ো ৰেহাই নাপালে মহিলাসকলে। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মহিলা ভক্তসকলে স্নান কৰা ভিডিঅ' নিৰ্মাণ কৰি বিভিন্ন ৱেবচাইটত বিক্ৰী কৰিছে একাংশ দুষ্কৃতিকাৰীয়ে। প্ৰয়াগৰাজৰ মহাকুম্ভত একাংশ অসাধু লোকে আৰম্ভ কৰিছে এই ব্যাৱসায়ী।

এক তদন্তত পোহৰলৈ আহিছে যে, মহিলাসকলৰ গোপনীয়তা ভংগ কৰি স্নান কৰাৰ ভিডিঅ' প্ৰস্তুত কৰি হাজাৰ হাজাৰ ধনৰ বিনিময়ত সেই সকলো বিক্ৰি কৰিছে একাংশ অসাধু লোকে  তদন্তকাৰী দলে প্রকাশ কৰা তথ্য অনুসৰি মহাকুম্ভৰ স্নানৰ পাছত মহিলা সকলে কাপোৰ সলোৱাৰ দৃশ্য ৰেকৰ্ড কৰি অনলাইনত সেই ভিডিঅ' বিক্রি কৰা হৈছে। বিভিন্ন ছচিয়েল মিডিয়া প্লেটফর্মত এই আপত্তিকৰ কনটেন্টসমূহ অৰ্থৰ বিনিময়ত বিক্রি কৰা হৈছে।

এই বিষয়ে মহাকুম্ভ মেলাৰ দায়িত্বত থকা DIG বৈভৱ কৃষ্ণই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জনাইছে যে যিসকলে এই ধৰণৰ অপৰাধ কৰিছে তেওঁলোকক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব। ফেছবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত মহিলাই স্নান কৰা আৰু কাপোৰ সলোৱাৰ হাজাৰ হাজাৰ ভিডিঅ' ইতিমধ্যেই ভাইৰেল হৈ আছে। কিছু টেলিগ্রাম গ্ৰুপৰ লিংকৰ মাধ্যমেৰে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰা হৈছে। 

আৰক্ষীৰ অনুসন্ধানত ইতিমধ্যে দুটা টেলিগ্রাম চেনেলৰ সন্ধান পোৱা গৈছে। মহাকুম্ভ মেলাত মহিলা ভক্ত সকলে স্নান কৰি কাপোৰ সলোৱা ভিডিঅ' সমূহ ১,৯৯৯ টকাৰ পৰা ৩,০০০ টকাৰ বিনিময়ত বিক্ৰী কৰা হৈছে।

Category