আজি চেম্পিয়নছ ট্ৰফীৰ ছেমিফাইনেলত ভাৰত বনাম অষ্ট্ৰেলিয়া। ছেমিফাইনেলৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজিব ভাৰতে। ১০ বছৰ পিছত ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজিব ভাৰতীয় দলটোৱে।
আজিৰ হাইভল্টেজ মেচখনক লৈ উৎকণ্ঠা বাঢ়িছে ক্ৰিকেটানুৰাগীৰ মাজত। জয়ৰ ধাৰা অব্যাহতৰ লক্ষ্যৰে যুঁজত নামিব ৰোহিত বাহিনী। ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচখন।
আনফালে ৫ মাৰ্চত লাহোৰত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয়খন ছেমিফাইনেল। দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমিফাইনেল।