সপোন ছাৰখাৰ হ’ল মল্লযোদ্ধা ভিনেশ ফোগাটৰ! পেৰিছ অলিম্পিকত এটাও পদক নাপায় ফোগাটে, কিন্তু কিয়?....

vinesh phogat

পেৰিছ অলিম্পিকত স্বৰ্ণজয়ৰ সপোন চূৰমাৰ হ’ল মল্লযোদ্ধা ভিনেশ ফোগাটৰ। অলিম্পিকত ভাৰতৰ বাবে এক দুঃখবৰ। ভিনেশ ফোগাটৰ ওজন অধিক হোৱা বাবে অলিম্পিকৰ পৰা অযোগ্য ঘোষণা ভাৰতীয় অলিম্পিক সংস্থাৰ।।

স্বৰ্ণপদকৰ পৰা মাত্ৰ এখোজ দূৰত আছিল ভিনেশ ফোগাট। কিন্তু তাৰ পূৰ্বে আশাত চেঁচাপানী পৰিল ফোগাটৰ। মল্লযুঁজাৰু ভিনেশ ফোগাটৰক বুধবাৰে ৫০ কেজি ফ্ৰীষ্টাইল মল্লযুঁজৰ পৰা বঞ্চিত কৰা হয়। ওজন বেছি হোৱা বাবে তেওঁক অযোগ্য ঘোষণা কৰে ভাৰতীয় অলিম্পিক সংস্থাই। 

উল্লেখ্য যে, ভিনেশ ফোগাটে বিশ্ব নং ১ আৰু টকিঅ’ ২০২০ চেম্পিয়ন জাপানৰ য়ুই চুছাকিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। পিছত কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ অক্সানা লিভাচৰ বিৰুদ্ধে খেলি ভিনেশে ৭-৫ গ’লত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাৰ্থ নিশ্চিত কৰে। উপশেষ যুঁজখনত তেওঁ কিউবাৰ ইউছনেলিছ গুজমান লোপেজক পৰাস্ত কৰি পদক লাভ কৰি অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়।

Category