firing

ৰূপাহীহাটৰ নাঙলদুৱাত সংঘটিত হয় এক গুলীচালনাৰ ঘটনা। এটা ৮ জনীয়া দুৰ্বৃত্তৰ দলে গুলীয়াই আঘাতপ্ৰাপ্ত কৰে ইমদাদুল ইছলাম নামৰ এজন লোকক। জানিব পৰা মতে,মটৰ চাইকেলেৰে গৈ থকা সময়তে ইমদাদুল ইছলামক গুলীয়াই দুৰ্বৃত্তৰ দলটোৱে। দুৰ্বৃত্তৰ দলটোৱে লোকজনলৈ লক্ষ্য কৰি তিনি জাই গুলী বৰ্ষণ কৰে। সৌভাগ্যক্ৰমে লোকজনৰ প্ৰাণ ৰক্ষা পৰে যদিও এখন হাতত গুলী লাগি আঘাতপ্ৰাপ্ত হয়।