চলন্ত ৰে’লতে গুলীবৰ্ষণ! আৰ পি এফ জোৱানৰ গুলীত নিহত ASIসহ চাৰিজনকৈ লোক.....

firring

এক শিহৰণকাৰী ঘটনা। সোমবাৰে পুৱাই গুজৰাটৰ পৰা মহাৰাষ্ট্ৰলৈ আহি থকা জয়পুৰ এক্সপ্ৰেছ ৰে’লত এক ভয়ংকৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয়। এই ভয়ংকৰ গুলীচালনাৰ ফলত চাৰিজনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত এজন আৰ পি এফৰ সহকাৰী উপ পৰিদৰ্শক বুলি জানিব পৰা গৈছে আৰু বাকী তিনিজন আছিল যাত্ৰী।

firring

উল্লেখ্য যে, জয়পুৰৰ এক্সপ্ৰেছ ৰে’লখনত পুৱা ৫ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। এই ঘটনাত কেইবা জাঁই গুলীচালনা কৰা হয়। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ৰে’লৰ বি-৫ কম্পাৰ্টমেণ্টত থকা আৰ পি এফৰ এজন জোৱানে নিজৰ বন্দুকৰে নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। ঘটনাত চাৰিজন লোকৰ মৃত্যু আৰু কেই‍াজনো আহত হোৱা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত এজন আৰ পি এফৰ সহকাৰী উপ-পৰিদৰ্শকও আছিল আৰু বাকী তিনিজন আছিল সাধাৰণ যাত্ৰী।

firring

ইয়াৰ পিছত দহিছাৰ ষ্টেচনত ৰে’লখন প্ৰৱেশ কৰাৰ সময়তে অভিযুক্তই ৰে’লৰ পৰা জপিয়াই পলাবলৈ চেষ্টা কৰে। কিন্তু ধৰা পৰে। আগ্নেয়াস্ত্ৰসহ তেওঁক আটক কৰা হয়। অভিযুক্তৰ নাম চেতন সিং বুলি জানিব পৰা গৈছে।

firring

পশ্চিম ৰে’লৱেৰ তথ্য অনুসৰি, অভিযুক্ত আৰ পি এফৰ কনিষ্টবল চেতন সিঙে কিয় ইমান মাৰাত্মক আক্ৰমণ সংঘটিত কৰিলে সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে। এই ঘটনাত যাত্ৰীসকল সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিছে। চলন্ত ৰে’লত এনে আক্ৰমণৰ ঘটনাত আতংকিত হোৱাৰ লগতে ৰে’লৱেৰ সুৰক্ষাকলৈও পুনৰ প্ৰশ্ন উত্থাপিত হৈছে।

Category
Profile picture for user UB Photos