নেমকেয়াৰ হাস্পতালত চাঞ্চল্যকৰ ঘটনা, চেম্বাৰতে জীৱন শেষ কৰিলে চিকিৎসকে!কিন্তু কিয়?

guwahati news

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চাঞ্চল্যকৰ ঘটনা। পুৱাই হাস্পতালৰৰ চেম্বাৰত ৰহস্যজনক মৃত্যু চিকিৎসকৰ।  মৃত চিকিৎসকগৰাকী প্ৰয়াস সিংঘল বুলি জানিব পৰা গৈছে। নতুন হাস্পতালখনৰ দ্বিতীয় মহলাত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে ভঙাগড় আৰক্ষী।

জানিব পৰা মতে, জৰুৰীকালীন কক্ষত চেলাইন লৈ নিজৰ জীৱন শেষ কৰাৰ সন্দেহ চিকিৎসকগৰাকীয়ে। ডায়েৰীয়া হোৱা বুলি চেলাইন আৰু কেনুলা লৈছিল নাৰ্ছৰ পৰা। বৰ্তমানলৈ নিৰ্দিষ্টকৈ কোনো বিভাগৰ দায়িত্ব দিয়া হোৱা নাছিল তেওঁক।

জানিব পৰা মতে, নিশাৰ কৰ্তব্যতো আছিল চিকিৎসকজন। ৭ বছৰ পূৰ্বৰ পৰা হাস্পতালখনত কৰ্মৰত আছিল চিকিৎসকগৰাকী। কিছুদিন বিৰতিৰ পিছত ৬ মাহ পূৰ্বে পুনৰ হাস্পতালখনত যোগদান কৰিছিল। ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

Category