উত্তপ্ত অসম-মেঘালয় সীমান্ত!অসম আৰক্ষী-বনকৰ্মীৰে সংঘৰ্ষ মেঘালয়ৰ লোকৰ

Meghalaya Firing

অসম-মেঘালয় সীমান্তত গুলীচালনাৰ ঘটনা। সীমান্তৰ মুক্ৰ’ত অশান্ত পৰিস্থিতি। আৰক্ষী-বনকৰ্মীৰে সংঘৰ্ষ মেঘালয়ৰ লোকৰ। গুলীচালনাৰ ঘটনাত নিহত ৪ জনকৈ লোক। মেঘালয়ৰ বনদস্যুৰ আক্ৰমণত নিহত বনৰক্ষী। মেঘালয়ৰ বনদস্যুক কাৰ্বি আংলঙৰ পৰা অবৈধভাৱে কুণ্ডা সৰবৰাহ কৰাত বাধা দিয়াক লৈ সৃষ্টি হয় উত্তেজনা। খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকী অন্তৰ্গত মুক্ৰত কুণ্ডা সৰবৰাহ কৰা এখন ট্ৰাক জব্দ কৰাক কেন্দ্ৰ কৰি মেঘালয়ৰ প্ৰায় শতাধিক খাছী লোকে হাতে-হাতে দা, যাঠি-জোং আদি লৈ বনকৰ্মী আৰু আৰক্ষীৰ লোকক আক্ৰমণৰ কৰাৰ বাবে খেদি আহে। ফলত উপায়ন্তৰ আৰক্ষী আৰু বনকৰ্মীয়ে নিজৰ প্ৰাণ ৰক্ষাৰ বাবে দুৰ্বৃত্তক লক্ষ্য কৰি গুলি কৰিবলৈ বাধ্য হয়। গুলিচালনাৰ ঘটনাত তিনিজন খাছীলোক নিহত হোৱাৰ লগতে এজন বনকৰ্মীও নিহত হয়। বৰ্তমান স্তব্ধ হৈ পৰিছে অসম-মেঘালয়ৰ যাতায়াত। বন্ধ হৈ পৰিছে মেঘালয় সংযোগী সকলো পথ। অসমৰ নাগৰিকক মেঘালয় ভ্ৰমণ নকৰাৰ আহ্বান। যোৰাবাটত বন্ধ কৰি দিয়া হৈছে শ্বিলঙমুখী বাহন। সীমান্তৰ মুক্ৰ’ত গুলীচালনাৰ পিছতে এই সিদ্ধান্ত। মেঘালয়তো আবদ্ধ কৰি ৰাখিছে গুৱাহাটীমুখী বাহন। মেঘালয়ত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। অসম-মেঘালয়ৰ উত্তেজনাৰ পাছতে জৰুৰী বৈঠক। দুই ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ জৰুৰী বৈঠক। ঘটনাৰ সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সংবাদমেল। সীমান্তৰ ঘটনাক তীব্ৰ গৰিহণা মুখ্যমন্ত্ৰী চাংমাৰ। ‘মেঘালয় চৰকাৰে গ্ৰহণ কৰিব আইনী ব্যৱস্থা’,'অসমত প্ৰৱেশ কৰা নাছিল মেঘালয়ৰ লোকে’,‘অসম আৰক্ষী-বনৰক্ষীয়েহে কৰিছিল গুলীচালনা’। 

Category
Profile picture for user UB Photos